Royal Bengal Tiger at Kaliabor: আইন ভংগ কৰি ৰাইজে বাঘ চাবলৈ ভিৰ কৰাত ১৪৪ ধাৰা বলৱৎ

By

Published : Apr 30, 2023, 3:27 PM IST

thumbnail

কলিয়াবৰ, ৩০ এপ্রিল: কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা পথত মোতায়ন আৰক্ষী (Royal Bengal Tiger terror in Kaliabor)। বাঘ-মানুহৰ সংঘাত নহ'বৰ বাবে যোৱা ১৫ মাৰ্চত কামাখ্যা গাঁও আৰু কামাখ্যা মন্দিৰ সংযোগী পথত ১৪৪ ধাৰা জাৰি কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে । বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ এই পথটোত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা (Kaliabor administration imposed Section 144)। তাৰ পিচতো একাংশ লোকে আইন ভংগ কৰি বাঘ চাবলৈ, বাঘৰ ফটো সংগ্ৰহৰ উদ্দেশ্যে ভিৰ কৰি আহিছে এই পথটোত ।  

অৱশেষত এই পথটোত দুজনকৈ আৰক্ষীৰ জোৱান মোতায়ন কৰে কলিয়াবৰ আৰক্ষীয়ে । বিয়লি ৪ বজাৰ পিচত এই পথটোৰে যাতায়ত কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে । আৰক্ষীৰ লগতে বনকৰ্মীয়ে পহৰা দিছে বাগিচাখনত । উল্লেখযোগ্য যে, বিগত চাৰিমাহ ধৰি ঢেকীয়াপতীয়া বাঘৰ এটা পৰিয়ালে আৱস্থান কৰি আছে কলিয়াবৰ চাহ বাগিচাত (Tiger in kaliabor tea garden)। বাগিচাত চৰিবলৈ অহা বহু গৰু-ছাগলী নিধন কৰিছে বাঘে । ইপিনে, শংকাৰ মাজতে বাগিচাত কাম কৰি গৈছে শ্ৰমিকসকলে ।

লগতে পঢ়ক:Illegal liquor smuggler: নাগালেণ্ডত অসমৰ দুই অবৈধ সুৰা সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.