ৰাজনীতিত এতিয়া নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিব লাগে :পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:54 PM IST

thumbnail

গোলাঘাট, ১৫ ডিচেম্বৰঃ "আমি ৪০ বছৰে ৰাজনীতি কৰিলো । আমাৰ আৰু পাবলগীয়া একো নাই । এতিয়া নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিব লাগে ।" এই মন্তব্য় পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । গোলাঘাটত আজি এইদৰে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । এই মন্তব্য়ৰে ৰাজনৈতিক জীৱনত যেন ভাগৰি পৰাৰে ইংগিত দিলে পৰিৱহণ মন্ত্ৰী গৰাকীয়ে । বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পৰিবহণ বিভাগে পথ-সুৰক্ষাৰ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে পৰিবহণ মন্ত্ৰী গৰাকীৰ নেতৃত্বত উলিওৱা বাইক ৰেলী আজি গোলাঘাটত উপস্থিত হয় ।

ইপিনে, গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বিভাগীয় পৰ্যালোচনাত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে  তেওঁ সৰুপথাৰলৈ এক বাইক ৰেলী উলিয়ায় । মন্ত্ৰী পৰিমল শুক্লবৈদ্যক সংগ দিয়ে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে যোৱা এঘাৰ মাহত পথ দুৰ্ঘটনাত ১০৭ গৰাকী ব্যক্তিৰ অকাল মৃত্যুক আকোৱালি লৈছে । সকলোৰে যৌথ প্ৰচেষ্টাত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ বুলি কয় ।

লগতে পঢ়ক:ৰঙা, নীলা নে ভোটজলকীয়াৰ চাহ ? প্ৰায় 52 বিধ সোৱাদ লৈ বিশ্বমুখী অসমৰ চাহ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.