তেলৰ টেংকাৰে মহতিয়াই নিলে দুখন বাহন: গুৰুতৰভাৱে আহত কেইবাজনো লোক

By

Published : Jun 10, 2022, 10:43 AM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in National highway) ৷ এখন তেলৰ টেংকাৰে ইণ্ডিকা গাড়ীৰ লগতে এখন পালচাৰ বাইক মহতিয়াই নিয়ে(Road accident in Moran) ৷ এই দুৰ্ঘটনাত ইণ্ডিকাখনত থকা আৰোহীসকল গুৰুতৰভাৱে আহত হয় ৷ আনহাতে বাইক আৰোহী বিনয় ফুকন (৩৭)ক সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাল(Assam Medical College and Hospital)লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা তেলৰ টেংকাৰখনৰ নম্বৰ AS01 GC 0410, দুৰ্ঘটনাত পতিত ইণ্ডিকাখনৰ নম্বৰ AS 06H 0533 আৰু পালচাৰ বাইকখনৰ নম্বৰ AS04 K 9218 ৷ জানিব পৰা মতে, মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা টেংকাৰখনে একেদিশে গৈ থকা ইণ্ডিকা গাড়ীখনক খুন্দা মৰাৰ পাছত টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা বাইকখনত খুন্দা মাৰে ৷ ইণ্ডিকা গাড়ীখনে এজন পথচাৰীক বচাবলৈ গৈ হঠাৎ ব্ৰেক মৰাৰ ফলত এই দূৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.