কলিয়াবৰত বাছৰ খুন্দাত থিতাতে নিহত শিশু

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 3:08 PM IST

thumbnail

কলিয়াবৰ, ১৩ জানুৱাৰী: ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে কলিয়াবৰৰ মিছাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছৰ খুন্দাত এটি কন্যা শিশু নিহয় হয় । নিহত শিশুটি মিছা হাটবাগানৰ আইনী কৈৰী । আজি গুৱাহাটীৰ পৰা মৰাণলৈ আহি থকা এই এছ০১ জি চি ২২২৯ নম্বৰৰ অনুৰাগ নামৰ বাছখনৰ খুন্দাত থিতাতে নিহত হয় আঠ বছৰীয়া শিশুটি । ইয়াৰ পিচতেই ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ বাছখন জব্দ কৰাৰ লগতে শিশুটোৰ মৰোণোত্তৰ পৰীক্ষা কৰিবলৈ নগাঁৱলৈ প্ৰেৰণ কৰে ।  

আইতাকৰ লগত মিছাৰ এটা বেংকলৈ অহা সময়তে ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হওঁতেই মৰাণ অভিমুখী বাছখনে খুন্দা মৰাত থিতাতে মৃত্যু হয় শিশুটিৰ । উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা মিছাৰ সমীপতে ৰৌমাৰীত হোৱা এক পথ দুৰ্ঘটনাত তিনিজনকৈ যুৱকে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: কলিয়াবৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.