Dibrugarh serial road mishap: ডিব্ৰুগড়ত পুনৰ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল এজনৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:13 PM IST

thumbnail

মৰাণ, 12 ছেপ্টেম্বৰ: ডিব্ৰুগড়ত সোমবাৰে নিশা পুনৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন ভকত। ভাদমাহ উপলক্ষে নামঘৰৰ পৰা চাইকেলেৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত ভকতজনক মহতিয়াই নিলে তীব্ৰবেগী বাহনে ৷ মৃত ভকতজনৰ নাম বুদ্ধেশ্বৰ বৰুৱা বুলি জানিব পৰা গৈছে ৷ 

ভকতজনক চৌকিডিঙীৰ দিশৰ পৰা আমোলাপট্টি দিশে চাইকেলেৰে গৈ থকা অৱস্থাত চিৰিংচাপৰিৰ সমীপত এখন বাহনে মহতিয়াই নিয়ে। এই সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্য CC TV ত আৱদ্ধ হৈছে ৷ চিচিটিভিৰ ফুটেজটোৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চিনাক্ত কৰা হৈছে ৷ 

উল্লেখ্য যে, দেওবাৰৰ দিনটোত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাইছিল ডিব্ৰুগড় ৷ ডিব্ৰুগড় জিলাৰ লেপেটকটাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দুগৰাকীকৈ লোকে । ইয়াৰ উপৰিও হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজিছে শিশুসহ 6 গৰাকীকৈ লোকে ।

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.