Road Accident at Teok : টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : May 18, 2023, 1:41 PM IST

thumbnail

টীয়ক, ১৮ মে' : টীয়কৰ জগদুৱাৰত বৃহস্পতিবাৰে পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Teok in Jorhat) । টীয়কৰ জগদুৱাৰজানত চাৰিলে'নযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙত গাড়ীসহ সোমাই পৰি এজন নিহত হয় (1 killed in road accident at 37 NH) । দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম হৈছে ভাস্কৰ বৰ্মন ।

নিহত ভাস্কৰ বৰ্মনৰ ঘৰ গুৱাহাটীৰ বামুণীমৈদামৰ ৰে'লৱে কল'নী পথত (ONGC employee died in road accident at Teok) । দুৰ্ঘটনাগ্ৰস্ত টয়’টা ইটিয়ছ গাড়ীখনৰ নম্বৰ হৈছে AS-06-P-9587 । নিহত ভাস্কৰ বৰ্মন অ'এনজিচিৰ কৰ্মীৰূপে যোৰহাটত কৰ্মৰত আছিল । ভাস্কৰ বৰ্মন এগৰাকী ভূতত্ববিদ আছিল । নাজিৰাস্থিত অ'এনজিচি কল'নীৰ পৰা যোৰহাটৰ কৰ্মস্থলীলৈ আহি আছিল ভাস্কৰ বৰ্মন ।

পথৰ দুৰবস্থা তথা পথ নিৰ্মাণৰ কোনো সাংকেতিক চিহ্ন নথকাৰ ফলত এইদৰে অৰ্ধনিৰ্মিত দলঙত সোমাই প্ৰাণ হেৰুৱালে বৰ্মনে । ইতিমধ্য টীয়ক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :Man killed miscreants: গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.