লালমাটিত দুটাকৈ পথ দুৰ্ঘটনা, এগৰাকী মহিলাৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:27 PM IST

thumbnail

গুৱাহাটী, 3 জানুৱাৰী : বুধবাৰৰ দিনটোত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু হৈছে কেইবাজনো লোকৰ ৷ বুধবাৰে পুৱতি নিশা গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাত ৰাজ্যবাসী শোকসাগৰত বুৰ গৈ থকাৰ সময়তে মহানগৰীৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷

লালমাটিত সংঘটিত হয় পথ দুৰ্ঘটনা দুটা ৷ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে জালুকবাৰীৰ দিশৰ পৰা অহা এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে মহিলাগৰাকীক ৷ বাতৰি লিখাৰ পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয় ৷ মহিলাগৰাকী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ ধৰোতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

আনহাতে জালুকবাৰী দিশৰ পৰা খানাপাৰা অভিমুখী এখন স্ক'ৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে খুন্দা মাৰে সুজিত কুমাৰ নামৰ এজন লোকক ৷ ফলত কিছু পৰিমাণে আঘাত পাই যদিও কথমপি প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্ত লোকজন ৷ তাৰ পাছতেই বাহনখনে মহতিয়াই দুখনকৈ দুচকীয়া বাহন ৷ স্ক'ৰপিও বাহনখনৰ নম্বৰ AS 01 U 1908 ৷

জানিব পৰা মতে স্ক'ৰপিঅ’ বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল ৷ দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ লগতে স্ক'ৰপিঅ’ বাহনখনত থকা দুই আঘাতপ্ৰাপ্তক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ উল্লেখ্য যে প্ৰথমে স্ক'ৰপিঅ’ বাহনখনৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ তাৰ পিছতে সেই স্থানত একাংশ লোকে জমা হোৱাৰ পিছতে দ্বিতীয়তো দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : দেৰগাঁও বালিজানৰ পথ দুৰ্ঘটনা : সংকটজনক অৱস্থাত থকা কণমানি শিশুসহ দুজনক GMCH লৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.