Road Accident at Kaliabor: কলিয়াবৰত ব্ৰয়লাৰ ভৰ্তি বাহনৰে ট্ৰেইলাৰৰ মুখামুখী সংঘৰ্ষ

By

Published : Feb 20, 2023, 11:13 AM IST

thumbnail

কলিয়াবৰ,২০ ফেব্ৰুৱাৰী: মৃত্য়ুদূত হৈ পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় পথটো । ৰাজ্য়ৰ মাজেৰে পাৰ হৈ যোৱা গুৰুত্বপূৰ্ণ এই ৰাষ্ট্ৰীয় পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । কলিয়াবৰ মহকুমাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথচোৱাতো সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাত অকালতে কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে (Road accident in Kaliabor)। সোমবাৰে পুৱাও কলিয়াবৰৰ ৰাজপথত সংঘটিত হ'ল এক পথ দুৰ্ঘটনা । জখলাবন্ধা হাস্পতাল চাৰিআলিত সংঘটিত এই পথ দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হৈছে । 

এখন ট্ৰেইলাৰ আৰু ব্ৰয়লাৰ ভৰ্তি ডি আই বাহনৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ডি আই বাহনৰ চালকজন । কলিয়াবৰ প্ৰেছ ক্লাবৰ সন্মুখতে এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰে (Kaliabor Press Club)।

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত হাস্পতাল চাৰিআলিৰ কেঁকুৰিত NL 01 AB 1307 নম্বৰৰ এখন ট্ৰেইলাৰে নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰয়লাৰ ভৰ্তি  AS 01MC 2111 নম্বৰৰ ডি আই বাহনখনত প্ৰচণ্ড গতিত খুন্দা মাৰে (Jakhalabandha police station)। এই দুৰ্ঘটনাত কথমপি চালকৰ লগতে হেণ্ডিমেনজনৰ প্ৰাণৰক্ষা পৰে । পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে ব্ৰয়লাৰ ভৰ্তি ডি আই বাহনখন । লগে লগে পথৰ মাজত সিঁচৰতি হৈ পৰে বাহনত থকা ব্ৰয়লাৰবোৰ ।

ইয়াৰ পিছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালকজনক জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে (Kaliabor Sub Divisional Civil Hospital) । উল্লেখযোগ‍্য যে, কলিয়াবৰ মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এটা অংশ দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত যান-বাহন চলাচল তথা পথাচাৰীৰ যাতায়তত যথেষ্ট সমস‍্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে এই পথছোৱাৰ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে যদিও বিভাগে পথছোৱাৰ মাজে-মাজে টাপলি মাৰি অধিক বিপদজনকহে কৰি তুলিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিলে ।

লগতে পঢ়ক:Coal mine worker missing : শুকানীৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেবব্ৰত শইকীয়া আৰু লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.