Road accident: লখিমপুৰৰ বঙালমৰাত পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:34 PM IST

Updated : Nov 15, 2023, 2:25 PM IST

thumbnail

বিহপুৰীয়া,১৫ নৱেম্বৰ : লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত তীব্ৰবেগী ড্ৰম্পাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী । নিহত বাইক আৰোহীজন বঙালমৰাৰ টুফাইজুল ৰহমান ওৰফে টুফা বুলি জানিবপৰা গৈছে । লালুকৰ দিশৰ পৰা গৈ থকা AS07BC3418 নম্বৰৰ ড্ৰাম্পাৰখনৰ খুন্দাত নিহত লোকজন ।  

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে  । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰ চালকে চলোৱা দৌৰাত্ম্যক লৈ অতিষ্ঠ হৈ পৰিছে একাংশ যাত্ৰী তথা সাধাৰণ নাগৰিক । বহু সময়ত তীব্ৰবেগী ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি বহুতকে চিৰদিনলৈ ঘূণীয়া কৰি পেলাইছে । ডাম্পাৰৰ খুন্দাত বহু পথচাৰী আৰু চালকৰ মৃত্যুও হোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Massive fire breaks out:বিধ্বংসী অগ্নিকাণ্ড, একো বচাবলৈ নাপালে গৃহস্থই

Last Updated : Nov 15, 2023, 2:25 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.