পহিলা জানুৱাৰীত ৰাজহ বিভাগে অসমবাসীলৈ দিব সুখবৰ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 7:59 PM IST

thumbnail

মৰাণ,২৩ ডিচেম্বৰ: পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাৰ সময় এয়া । বছৰটোৰ পহিলাতে অসমৰ ৰাজহ বিভাগে অসমবাসীক দিব সুখবৰ । বছৰৰ প্ৰথমটো মাহ ৰাজ্যৰ ভূমিহীন লোকসকলৰ বাবে বিশেষ হ'ব । কিয়নো, অসম চৰকাৰে ৰাইজলৈ জানুৱাৰীত দিব ২০২৪ ৰ উপহাৰ । নৱবৰ্ষৰ পহিলা জানুৱাৰীত অসমবাসীয়ে লাভ কৰিব ভূমি পট্টা । প্ৰায় আঢ়ৈলাখ ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা ।  

মৰাণত সংবাদ মাধ্যমৰ সন্মুখত এই সুখবৰ ৰাজহুৱা কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে । ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে দিলে আন এক সুখবৰ । ২০২৪ চনৰ জানুৱাৰী মাহতে ৰেচন কাৰ্ডৰ লগতে চৰকাৰী আৱাস গৃহ লাভ কৰিব অসমৰ লোকসকলে । ইফালে ভূমিকেন্দ্ৰিক সমস্যাসমূহ নোহোৱা কৰিবলৈ শীঘ্ৰে ৰাজ্যত মিছন বসুন্ধৰা-৩ আঁচনি কাৰ্যকৰী কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: নতুন বছৰত ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিব বেয়া খবৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.