বনকৰ্মীৰ মৰমৰ আৱেশত মাতৃহীন হাতী পোৱালি এটা

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:30 PM IST

thumbnail

বাক্সা, ৫ জানুৱাৰী : বিশ্বনাথ চাৰিআলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মাতৃহাৰা হাতীৰ পোৱালিটো বৰ্তমান বনকৰ্মীৰ প্ৰচেষ্টাত সুস্থ অৱস্থাত আছে । ২০২৩ বৰ্ষৰ নৱেম্বৰৰ মাহৰ শেষ ভাগত বিশ্বনাথ চাৰিআলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ অনা হৈছিল এটি কণমানি পোৱালি হাতী ।

মাতৃৰ অকাল মৃত্যুত অকলশৰীয়া হৈ পৰিছিল কণমানি হাতী পোৱালিটো । মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ কণমানি হাতী পোৱালিটোৱে মানুহৰ মাজতে বিচাৰি ফুৰিছে মৰম । সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ তত্বাৱধানত চোৱাচিতা কৰি থকা হৈছে কণমানি হাতী পোৱালিটোক । মাকৰ দুগ্ধপান কৰিবলৈ নোপোৱাৰ বাবে কিছু স্বাস্থ্যৰ অৱনতি ঘটিছে কণমানি পোৱালিটোৰ । এই হাতী পোৱালিটো চোৱাচিতাৰ নামত বহু পৰিমাণে কষ্ট কৰিছে উদ্যান কৰ্তৃপক্ষই ।

লগতে পঢ়ক : পহুৰ পোৱালি কোঁচত লৈ চুমা যাচিলে অংগনৱাড়ী কৰ্মীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.