Republic Day 2023 : নলবাৰীত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2023, 7:10 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী, ২৬ জানুৱাৰী : আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic day celebrated in India) । দেশৰ লগতে অসমতো উলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস (Republic day 2023 celebrated in Assam) । আনহাতে, নলবাৰী জিলাৰ মুকালমুৱাৰ দৌলাশালস্থিত অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়তো উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় ।‌ দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ দৌলাশালস্থিত চৌহদ সম্পূৰ্ণ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হয় (Republic day celebrated in 4th APBN Nalbari) । আনহাতে, গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বাহিনীটোৰ অধিনায়ক উজ্জ্বল প্ৰতিম বৰুৱাই । পতাকা উত্তোলনৰ পিছতেই আৰক্ষী জোৱানসকলে সুন্দৰ পেৰেড প্ৰদৰ্শন কৰে । ইফালে অধিনায়কগৰাকীয়ে উপস্থিত আৰক্ষী জোৱান, স্থানীয় লোক, ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গণৰাজ্য দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰে । লগতে অধিনায়কগৰাকীয়ে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ।

ইফালে আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দিল্লীৰ কৰ্তব্যপথত । পূৰ্বৰ ৰাজপথৰ নাম সলনি কৰি ইয়াৰ নাম কৰা হৈছে কৰ্তব্যপথ । এইবাৰ দেশৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাট্টাহ এল-চিচি । উল্লেখ্য, এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত থলুৱা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । লগতে নাৰী সবলীকৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেৰেডত বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত নেতৃত্ব দিছে মহিলা বিষয়াই ।

উল্লেখ্য, ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতে সংবিধান গ্ৰহণৰ লগে লগে নিজকে এক সাৰ্বভৌম, গণতান্ত্ৰিক আৰু গণৰাজ্য হিচাপে ঘোষণা কৰে । ভাৰতে ১৯৪৭ চনত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পিছতে ইয়াৰ সংবিধান ৰচনা কৰা আৰম্ভ কৰিছিল । ভাৰতৰ সংবিধান সভাই খচৰাৰ বিষয়ে আলোচনা, সংশোধন আৰু অনুমোদনৰ বাবে দুবছৰ সময় লৈছিল । তাৰ পিছত যেতিয়া ইয়াক গ্ৰহণ কৰা হৈছিল, তেতিয়া ভাৰত দীৰ্ঘতম সংবিধানৰ দেশ হৈ পৰে । এই সংবিধান গ্ৰহণ কৰাৰ ফলত গণতন্ত্ৰৰ পথ প্ৰশস্ত হৈছে আৰু ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.