Amrit Brikha Andolan 2023 : বৰপেটাত 1 লাখ 70 হাজাৰ লোকৰ পঞ্জীয়ন সম্পূৰ্ণ; 3 লাখ 80 হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:58 PM IST

thumbnail

বৰপেটা, 14 ছেপ্টেম্বৰ : অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্যত 1 কোটি বাণিজ্যিক চাহিদা সম্পন্ন গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ সমান্তৰালভাৱে সেউজ আৱৰণ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণৰ অভিনৱ কাৰ্যসূচীত ইতিমধ্যে জৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী ৷

সমগ্ৰ ৰাজ্যখনৰ লগতে বৰপেটা জিলাতো অমৃত বৃক্ষ আন্দোলন সফলতাৰে সম্পন্ন কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰসাশন ৷ বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গে জনোৱামতে, জিলাখনত মুঠ 1 লাখ 70 হাজাৰ লোকে ইতিমধ্যে অমৃতবৃক্ষ পোৰ্টেলত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে ৷ গছপুলি ৰোপণৰ বাবে চৰকাৰী পোৰ্টেলত নাম অন্তৰ্ভূক্ত কৰা লোকসকলৰ মাজত আজিৰেপৰা গছপুলি বিতৰণৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে ৷  

জিলা আয়ুক্তই জনোৱামতে, বৰপেটা জিলাত 17 ছেপ্টেম্বৰৰ দিনটোত 3 লাখ 80 হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে ৷ বুধবাৰে বৰপেটাৰ মিলেনিয়াম পাৰ্কত জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে অমৃতবৃক্ষ আন্দোলনৰ গছপুলি বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে ৷ সমগ্ৰ জিলাখনত অমৃতবৃক্ষ আন্দোলনৰ গছপুলি বিতৰণৰ বাবে বিভিন্ন স্থানত 136 টা বিতৰণ কক্ষ স্থাপন কৰা হৈছে বুলিও আয়ুক্তই জানিবলৈ দিয়ে ৷ জিলা আয়ুক্তই অমৃতবৃক্ষ আন্দোলন সম্পূৰ্ণৰূপে সফল কৰি তোলাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে ৷ 

লগতে পঢ়ক : Scam in Jio Bags Scheme : ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.