Pangolin rescued: বিলাসীপাৰাত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

By

Published : Aug 16, 2023, 1:52 PM IST

thumbnail

বিলাসীপাৰা,১৬ আগষ্ট: বিলাসীপাৰাত বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ । টোকৰাবান্ধা গাঁৱৰ পৰা বন বিভাগে উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ বনৰৌটো । বুধবাৰে ৰাতিপুৱা টোকৰাবান্ধা গাঁওখনৰ বাঁহৰ জাঁজত আৱদ্ধ হৈ পৰিছিল দুষ্প্ৰাপ্য বনৰৌটো ।  

স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তৎক্ষণাৎ চিৰাকুটা খণ্ড বন বিষয়াক এই সন্দৰ্ভত খবৰ দিয়ে । পিছত ঘটনাস্থলীত চিৰাকুটা খণ্ড বন বিষয়া আৰু শালকোচা আঞ্চলিক বন বিষয়া কাৰ্য়ালয়ৰ বনকৰ্মী উপস্থিত হৈ টোকৰাবান্ধা গাঁৱৰ পৰা উদ্ধাৰ কৰে বনৰৌটো ।  

বনৰৌটো উদ্ধাৰ কৰি চিৰাকুটা খণ্ড বন কাৰ্যালয় লৈ অনা হয় যদিও পিছত সুস্থ অৱস্থাত শালকোচা আঞ্চলিক বনবিষয়া কালিদাস সিংহাৰ নিৰ্দেশ অনুসৰি টোকৰাবান্ধা সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে । 

লগতে পঢ়ক: Theft in Nagaon : নগাঁৱত চোৰে লুটিলে কেবালক্ষাধিক টকাৰ সোণৰ গহনাকে ধৰি মূল্যবান সামগ্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.