SC stay on Rahul Gandhi conviction:ৰঙিয়াৰ কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ

By

Published : Aug 4, 2023, 9:30 PM IST

thumbnail

ৰঙিয়া, 4 আগষ্ট : শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক 'মোদী উপাধি' সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ ওপৰত স্থগিতাদেশ জাৰী কৰে । এই খবৰ বিয়পি পৰাৰ লগে লগে ৰঙিয়াৰ কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে । দলটোৰ কৰ্মীসকলে সন্ধিয়া ৰঙিয়াৰ ৰাজীৱ ভৱনত বিজয় উৎসৱ পালন কৰে । উৎসাহিত কংগ্ৰেছ কৰ্মীসকলে ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা দলে বলে আহি গান্ধী মণ্ডপৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰে । লগতে ৰাহুল গান্ধী জিন্দাবাদ, ন্যায় পালিকা জিন্দাবাদ, কংগ্ৰেছ দল জিন্দাবাদ আদি শ্ল’গান দি পৰিৱেশ উৎসৱ মুখৰ কৰি তোলে ৷

বিজয় উৎসৱৰ মাজতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমানে কয় যে আজি সত‍্যৰ জয় আৰু অসত‍্যৰ পৰাজয় হৈছে । তেওঁ লগতে কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰা চৰকাৰখনে ৰাহুল গান্ধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ এই নিকৃষ্ট পন্থা হাতত লৈছিল যদিও দেশৰ ন‍্যায় ব‍্যৱস্থাৰ হাতত পৰাজয় বৰণ কৰিবলৈ বাধ্য হ’ল । আজিৰ উৎসৱত দলটোৰ কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমান, অসম যুৱ কংগ্ৰেছৰ সম্পাদক কামাল হুছেইন, ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্ধৱ দাস, জিলা কংগ্ৰেছৰ মুৰ্তাজ ৰহমান, নাৰায়ণ দত্তৰ লগতে অৰ্ধশতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : SC stays Rahul Gandhi conviction:ভাৰতৰ মানুহৰ শেষ ভৰষা উচ্চতম ন্যায়ালয়; লুৰীণ জ্যোতি গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.