ETV Bharat / state

SC stays Rahul Gandhi conviction:ভাৰতৰ মানুহৰ শেষ ভৰষা উচ্চতম ন্যায়ালয়; লুৰীণ জ্যোতি গগৈ

author img

By

Published : Aug 4, 2023, 8:30 PM IST

Rahul Gandhi Modi surname controversy
শেষ ভৰষা উচ্চতম ন্যায়ালয়

মোদী উপাধি গোচৰত উচ্চতম ন্যায়ালয়ে সকাহ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে উচ্চতম ন্যায়ালয়কেই ভাৰতীয়ৰ শেষ ভৰষা আক্ষা দিয়ে ৷

লুৰীণ জ্যোতি গগৈ

গুৱাহাটী, ৪ আগষ্ট : শুকুৰবাৰে ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছে গণতান্ত্ৰিক দেশৰ নাগৰিকে ৷ মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা নিৰ্দেশ স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে ৷ কংগ্ৰেছ কৰ্মীসকলৰ মাজত এই ৰায়দানৰ পিচতে উছাহ দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, 2019 চনত কৰ্ণাটকত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে মোদী উপাধিক অপমান কৰিছিল ৷ সেই সময়তে চুৰাট আদালতত এটা গোচৰ ৰুজু হৈছিল ৷ চুৰাট আদালতত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাইছিল ৰাহুল গান্ধীয়ে ৷ ইতিমধ্যেই গুজৰাটৰ চুৰাট আদালতে দুবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে ৰাহুল গান্ধীক ৷ এই ৰায়ৰ পিচতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ শাসনাধীষ্ঠ চৰকাৰখনে ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰোশমূলক স্থিতি গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে ৷

অৱশেষত আজি শুকুৰবাৰে মোদী উপাধিৰ গোচৰত হাইক’ৰ্টৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ডাঙৰ সকাহ । উচ্চতম ন্যায়ালয়ে হাইক’ৰ্টৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে । ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে । ন্যায়ালয়ৰ এই সিদ্ধান্তই সকাহ দিছে কংগ্ৰেছ দলৰ সদস্যসকলক । উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে আদৰণি জনাইছে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে কয় যে ভাৰতীয় মানুহৰ ন্যায়ৰ শেষ ভৰষা হ’ল উচ্চতম ন্যায়ালয় । ন্যায়ালয়ৰ এই মৰ্যদা আগন্তুক দিনতো অব্যাহত থাকক, তাৰেই কামনা কৰে সভাপতিজেন । তেওঁ লগতে কয় যে, ‘ন্যায়ালয়ৰ এই ৰায়ক সকলোৱে আদৰণি জনাব লাগে । ভাৰতবৰ্ষৰ স্বতন্ত্ৰ গণতান্ত্ৰিক সংস্থাসমূহ, ন্যায়পালিকা, NIA, CBI আনকি সংবাদ গোষ্ঠীসমূহক চৰকাৰে প্ৰভাৱিত কৰিব বিচৰা সময়তে ন্যায়ালয়ৰ এই ৰায়দানক শলাগ লৈছোঁ । ন্যায় ব্যৱস্থাৰ এইটো জয় যাত্ৰা, আগন্তুক দিনতো এনে ৰায়দান আশা কৰিম উচ্চতম ন্যায়লয়ৰ পৰা’ ।

লগতে পঢ়ক : Modi surname case : বাহাল থাকিব ৰাহুল গান্ধীৰ সাংসদ পদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.