শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত মৰিগাঁৱৰ বিভিন্ন অঞ্চল

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 9:29 AM IST

thumbnail

মৰিগাঁও, 28 নৱেম্বৰ : শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে দেখি কৃষ্ণৰ ভৈল মন ৷ কংসৰ অট্টহাস্য, দৈৱকীৰ হিয়া ভাঙি যোৱা কান্দোন আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে পৰিছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷

মৰিগাঁও চহৰৰ মৰিহীৰাগাঁৱত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ ৷ দেওবাৰৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱৰ সোমবাৰে দ্বিতীয় নিশা বিশেষ যজ্ঞৰ আয়োজন কৰা হয় ৷ সোমবাৰে নিশা উদযাপন সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণ-ৰাধাৰ যুগল মূৰ্তিক হোম যজ্ঞৰে পূজা-অৰ্চনা কৰা হয় ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় গায়ন-বায়নৰ সৰু ধেমালি আৰু বৰ ধেমালি ৷

একেদৰে মৰিগাঁৱৰ মাছখোৱা কাঁহিবাৰীতো দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰাস মহোৎসৱ ৷ মাছখোৱা কাঁহিবাৰী আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগতো সোমবাৰে নিশা কেলিগোপাল নাট আয়োজন কৰা হয় ৷ কেলিগোপাল নাট উদ্বোধন কৰে মৰিগাঁও বি এড কলেজৰ অধ্যক্ষা ডঃ ডলী বুঢ়াগোহাঁইয়ে ৷

লগতে পঢ়ক:মৰিগাঁৱৰ বাচনাঘাট, কুমৈ পুখুৰীপাৰত পথদুৰ্ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.