মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানত কৃষ্ণৰ ৰাসলীলা

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:43 PM IST

thumbnail

বিহপুৰীয়া, 25 নৱেম্বৰ : ৰাস পূৰ্ণিমালৈ মাজত মাথো আৰু কেইটামান ঘণ্টা । ৰাজ্যৰ বিভিন্ন স্থানত এই ৰাস পূৰ্ণিমাক লৈ ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷ সকলোতে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । উজনি-নামনি সকলোতে ৰাস উদযাপনৰ বাবে সকলো সাজু হৈ উঠিছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো ৰাস উদযাপনৰ বাবে চলিছে ব্যাপক আয়োজন । লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰাস সমিতিসমূহো ব্যস্ত হৈ পৰিছে অন্তিম আখৰাত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানতো শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ বাবে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে অভিনেতা-অভিনেত্ৰী, কলা-কুশলী তথা আয়োজক মণ্ডলী । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰঙাজান যুৱ সমাজে অহা ২৮ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা ।

লগতে পঢ়ক : নলবাৰীৰ ৰাস: বৰগীত লৈ সাজু চাৰে চাৰি কুৰি যুৱতী-মহিলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.