Python rescued: মাণিকপুৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By

Published : Oct 23, 2022, 6:07 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ উপ-বন সংমণ্ডলৰ অন্তৰ্গত নোৱাপাৰাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ (Python rescued in Manikpur)। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পাৰ হোৱাৰ সময়তে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে অজগৰ ডাল । লগে লগে স্থানীয় লোকসকলে অজগৰ ডাল ধৰি মাণিকপুৰ বন উপ-সংমণ্ডল বিষয়াক খবৰ দিয়ে (Public rescued python)। বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি মাণিকপুৰলৈ লৈ যায় । জানিব পৰা মতে সৰভোগৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ যোগেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানত অজগৰডাল এৰি দিয়াৰ ব্যৱস্থা কৰা হয় । উদ্ধাৰ হোৱা অজগৰডাল প্ৰায় ১২ ফুট দীঘল আৰু ওজন ৪০ পৰা ৪৫ কেজি হ'ব বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.