সকলোৰে উন্নতি কামনাৰে পূজাৰ শুভেচ্ছা ভৱেশ কলিতাৰ

By

Published : Oct 1, 2022, 1:44 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা (Durga Puja 2022 in Assam) ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল ৰঙা কলিটিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ এই আনন্দৰ মাজতেই শনিবাৰে ৰাজ্য়জুৰি আৰম্ভ হৈছে দুৰ্গা পূজাৰ মহাষষ্ঠী (Mahashashthi of Durga Puja 2022) । এই উপলক্ষে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (BJPs state president greetings for Durga Puja) ৰঙিয়াবাসীৰ লগতে অসমৰ জনগণক শুভেচ্ছা জ্ঞাপন কৰিছে । দেবীৰ আশীৰ্বাদত যাতে সমাজৰ অপায় অমংগল আঁতৰ হোৱাৰ লগতে সকলোৰে উন্নতি হয় তাৰে কামনা কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । তেওঁ লগতে সকলো ভক্তপ্ৰাণ ৰাইজক শান্তি- শৃংখলা বজাই ৰাখি আৰু নীতি নিয়ম পালন কৰি পূজা চাবলৈ আহ্বান জনাইছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.