Public protest in Lanka: লংকাত মহিলাই আৱদ্ধ কৰিলে হোজাইৰ বিধায়কক

By

Published : Jul 2, 2023, 1:36 PM IST

thumbnail

হোজাই,২ জুলাই: শনিবাৰে নিশা লংকাত একাংশ মহিলাই ঘেৰাও কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষক । বিধায়ক ৰামকৃষ্ণ ঘোষে এক অনুষ্ঠানত অংশগ্রহণ কৰি ওলাই অহাৰ সময়তেই ঘেৰাও কৰে মহিলাসকলে । উল্লেখ্য় যে, লংকাৰ ৭ নং বাৰ্ডত থকা জল জীৱন আঁচনিৰ লংকেশ্বৰী গ্ৰেন্ট পানী যোগান আঁচনি বিগত প্ৰায় ২ মাহ ধৰি বন্ধ হৈ থকাত বিশুদ্ধ খোৱাপানী নিয়মিতভাৱে পাবলৈ বিধায়কগৰাকীক লিখিত অভিযোগ দাখিল কৰে মহিলাসকলে ।

উক্ত পানী যোগান আঁচনিৰ ২ লাখতকৈও অধিক ধন বিদ্যুৎ মাচুল আদায় দিবলৈ থকাত বিভাগে বিদ্যুৎ সংযোগ কৰ্তন কৰে । ফলত লংকা পৌৰ সভাৰ ৬,৭ আৰু ৮ নং ৱাৰ্ডৰ হাজাৰতকৈ অধিক পৰিয়াল বঞ্চিত হৈছে পানীৰ পৰা । সেয়েহে উপায়ন্তৰ হৈ মহিলাসকল ওলাই আহি  ৰামকৃষ্ণ ঘোষক লংকাতেই ঘেৰাও কৰে ।

লগতে পঢ়ক:Assamese Medium: বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন আছুৰ সাধাৰণ সম্পাদকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.