Anti drugs mission : ড্ৰাগছ আসক্তক এঘৰীয়া কৰাৰ সকীয়নি ডুমডুমীয়াবাসীৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:53 PM IST

thumbnail

নগাওঁ, 14 অক্টোবৰ: শেহতীয়াকৈ ড্ৰাগছ-মদৰ অবাধ প্ৰচলনে অতিষ্ঠ কৰি তুলিছে নগাঁৱৰ ধিঙৰ এখন গাঁৱৰ লোকক । যাৰ বাবে মাইকযোগে মদ ব্যৱসায়ী, ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীক সকীয়াবলৈ নিশাই ৰাজপথলৈ ওলাই আহিছে গাঁওখনৰ বহু পুৰুষ-মহিলা । এই গাওঁখনৰ নাম হৈছে ডুমডুমীয়া সত্ৰ । 

গাওঁখনত ড্ৰাগছ, মদ, ভাং আদি নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু সেৱন কৰিলে ৰাইজে সমাজৰ পৰা এঘৰীয়া কৰিব বুলি সকীয়াই দিয়ে । এক সভাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নাম ডুমডুমীয়া সত্ৰ গাঁওবাসীয়ে । গাঁওখনৰ ৰাইজে বৃহস্পতিবাৰৰ নিশা সমদল উলিয়াই মাইকযোগে শেষ সকীয়নি প্ৰদান কৰে ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীক । 

উল্লেখ কৰা প্ৰয়োজন যে, ধিঙৰ ডুমডুমীয়া সত্ৰৰ একাংশ যুৱক আসক্ত হৈ পৰিছে মাৰাত্মক ড্ৰাগছৰ প্ৰতি । সেয়ে ডুমডুমীয়া সত্ৰৰ প্ৰায় 14 টাকৈ নামঘৰৰ ভকত বৈষ্ণৱে একত্রিত হৈ ৰাজহুৱা সিদ্ধান্ত লৈ এই কঠোৰ স্থিতি গ্রহণ কৰিবলৈ বাধ্য হৈছে । অৱশ্যে ধিং আৰক্ষীয়েও ৰাইজৰ এই পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক: Health sector of Assam : মামা-ভাগিনৰ সম্পৰ্ক শেষ বুলি কিয় দাবী কৰিলে ৰাণা গোস্বামীয়ে?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.