Health sector of Assam : মামা-ভাগিনৰ সম্পৰ্ক শেষ বুলি কিয় দাবী কৰিলে ৰাণা গোস্বামীয়ে?

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:03 PM IST

thumbnail

মাজুলী, 13 অক্টোবৰ: মাজুলীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্চাৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ মাজুলীবাসীক ৰাজ্যৰ স্বাস্থ্য বিভাগে পুনৰ প্ৰতাৰণা কৰাৰ অভিযোগ গোস্বামীৰ । কেইদিনমান আগতে মাজুলীৰ এখন ৰাজহুৱা সভাত মাজুলীলৈ চিকিৎসক নাহে বা আহিব নিবিচাৰে বুলি মুকলিকৈ বক্তব্য প্ৰদান কৰিছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ কেইদিনমান পাছতে নতুন চিকিৎসক নিযুক্তি প্ৰদান কৰাটো দূৰৰ কথা জিলাখনৰ পৰা 3 জনকৈ চিকিৎসক, যুটীয়া স্বাস্থ্য সঞ্চালকক বদলিৰ নিৰ্দেশনাহে প্ৰদান কৰে । সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, "মামাৰ হৃদয়ত ভাগিনৰ প্ৰতি মৰম নাই ।" 

তেওঁ পুনৰ কয়, "মামাকে ভাগিনৰ লগতে ভাগিনৰ পৰিয়ালহঁতক জৰুৰী স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত কৰিছে ৷" মাজুলীক চৰকাৰে প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি জিলাখনৰ নাগৰিকৰ সাধাৰণ এটা বেমাৰ হ’লেও চিকিৎসাৰ বাবে বাহিৰলৈ যাব লগীয়া হয় । 

জিলাখনৰ স্বাস্থ্য খণ্ডত বিভিন্ন বিভাগৰ পদ বছৰ বছৰ ধৰি খালী হৈ থকাৰ সময়তে এই নিৰ্দেশনাই মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: Three mile forest block office:তিনিমাইল বন খণ্ড কাৰ্যালয়ত নাই বিদ্যুৎ সেৱা!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.