পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি: 73 শতাংশ ভোটদানেৰে শীৰ্ষত পশ্চিমবংগ - Lok Sabha Election 2024
Fifth phase of ls Election : শান্তিপূৰ্ণভাৱে সমাপ্ত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ সন্ধিয়া 5 বজালৈকে হোৱা ভোটগ্ৰহণৰ হাৰ 56.68 শতাংশ ৷ এই তালিকাত 73 শতাংশ ভোটদানেৰে শীৰ্ষত আছে পশ্চিমবংগ ৷

By ANI
Published : May 20, 2024 at 9:15 PM IST
নেশ্যনেল ডেস্ক, 20 মে’: সোমবাৰে সুকলমে সামৰণি পৰিল দেশৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ 49 টা সংসদীয় সমষ্টিত অনুষ্ঠিত এই ভোটগ্ৰহণৰ সন্ধিয়া 5 বজালৈকে 56.68 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷
আয়োগৰ তথ্য অনুসৰি, তালিকাত 73 শতাংশ ভোটগ্ৰহণৰে শীৰ্ষস্থান দখল কৰিছে পশ্চিমবংগই ৷ ইয়াৰ পিছতে আছে লাডাখ(67.15 শতাংশ), ঝাৰখণ্ড(61.90 শতাংশ), ওড়িশা(60.55 শতাংশ), উত্তৰ প্ৰদেশ (55.80 শতাংশ), জম্মু আৰু কাশ্মীৰ(54.21 শতাংশ), বিহাৰ(52.35 শতাংশ) আৰু মহাৰাষ্ট্ৰ(48.66 শতাংশ) ৷
পিছে মুম্বাইত সন্ধিয়া ৫ বজালৈকে হোৱা ভোটদানৰ হাৰ উদ্বেগজনকভাৱে 50 শতাংশতকৈও কম বুলি জানিব পৰা গৈছে ৷ সেই অনুসৰি, উত্তৰ মুম্বাইত 46.91 শতাংশ, মুম্বাই নৰ্থ চেণ্ট্ৰেলত 47.32 শতাংশ, মুম্বাইৰ উত্তৰ-পূৰ্বাঞ্চল অংশত 48.67 শতাংশ, উত্তৰ-পশ্চিম মুম্বাইত 47.79 শতাংশ ভোটদান হয় ৷
দক্ষিণ মুম্বাইত চহৰখনৰ সৰ্বনিম্ন হয় ভোটদানৰ হাৰ ৷ সন্ধিয়া 5 বজালৈকে মাত্ৰ 44.22 শতাংশ ভোটদানহে অনুষ্ঠিত হয় দক্ষিণ মুম্বাইত ৷ তদুপৰি মুম্বাই ছাউথ চেণ্ট্ৰেলত 48.26 শতাংশ ভোটদান হয় ।
দেশৰ নিৰ্বাচনী আয়োগৰ মতে, 4.69 কোটি পুৰুষ, 4.26 কোটি মহিলা আৰু 5,409 গৰাকী তৃতীয় লিংগৰ ভোটাৰকে ধৰি 8.95 কোটিতকৈও অধিক ভোটাৰে পঞ্চম পৰ্যায়ৰ ভোটদানত 695 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।
উল্লেখ্য় যে, পঞ্চম পৰ্যায়ৰ বহু সমষ্টিত একাংশ হাই প্ৰফাইল নেতাই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা দেখা গৈছে । সেইসকল হৈছে ক্ৰমে- কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, বিজেপি নেতা ৰাজনাথ সিং, স্মৃতি ইৰাণী, ৰাজীৱ প্ৰতাপ ৰুডি, পীযুষ গোৱেল, উজ্জল নিকাম, কৰণ ভূষণ সিং, এল জে পি (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱান, জে কে এন চি-ৰ মুৰব্বী ওমৰ আব্দুল্লা আৰু আৰ জে ডিৰ নেতা ৰোহিনী আচাৰ্য আদি ৷
পঞ্চম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা আঠখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে ক্ৰমে বিহাৰ, ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ, লাডাখ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ ৷ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা 49 খন আসনৰ ভিতৰত 14 খন উত্তৰ প্ৰদেশৰ, 13 খন মহাৰাষ্ট্ৰৰ, 7 খন পশ্চিমবংগৰ, 5 খন বিহাৰৰ, 3 খন ঝাৰখণ্ডৰ, 5 খন ওড়িশাৰ আৰু এখনকৈ জম্মু-কাশ্মীৰ আৰু লাডাখৰ ।
এই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুঠ 2,000 ফ্লাইং স্কোৱাড, 2,105 টা ষ্টেটিক চাৰ্ভিলেঞ্চ দল, 881 টা ভিডিঅ' নিৰীক্ষণ দলে মুঠ 94,732 টা ভোটকেন্দ্ৰৰ 24,732 টাত 24 ঘণ্টাই নিৰীক্ষণ কৰি আছে । তদুপৰি সীমান্তৰ সুৰক্ষাৰ স্বাৰ্থত স্থাপন কৰা হৈছে 216 খন আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰীক্ষণ চকী আৰু 565 খন আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষণ চকী ৷ সমান্তৰালকৈ সাগৰীয় আৰু বিমানপথত কঠোৰ নিৰীক্ষণ ৰখা হোৱা বুলি নিৰ্বাচনী আয়োগে সদৰী কৰে ৷
লগতে পঢ়ক: পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন : 5 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 56.68% - Lok Sabha Election 2024

