Price Hike of Medicine : জীৱন দায়িনীৰ মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে সাধাৰণ জনতাক

By

Published : Dec 7, 2022, 12:42 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যত মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতা । অত্যাৱশ্যকীয় সা-সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক (Price hike of daily used goods) । ইপিনে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে কৰৰ বোজা ৷ সকলো যেন নিয়ন্ত্ৰণাহীন । অনান্য সামগ্ৰীৰ সমান্তৰালকৈ প্ৰতিদিনেই বৃদ্ধি পাইছে জীৱন দায়িনী ঔষধৰ মূল্য (Medicine price hike)। চৰকাৰী চিকিৎসালয়সমূহত প্ৰয়োজনীত সকলো ঔষধৰ অভাৱৰ ফলত ৰাইজে নিয়মীয়াকৈ সেৱন কৰা প্ৰায়বোৰ ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে (Govt supply medicine in hospitals)। অন্ন-বস্ত্ৰ-বাসস্থান মৌলিক অধিকাৰৰ পাছতে এতিয়া জীয়াই থাকিবলৈ প্ৰয়োজনীয় ঔষধৰ মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে । সেয়ে এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে সাধাৰণ ৰাইজে । এই সন্দৰ্ভত টীয়কৰ পৰা সাংবাদিক সাৰাংগ পাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন (ETV Bharat news)৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.