Protests over stopping fishing in Brahmaputra:বিশ্বনাথত ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা কাৰ্য্য বন্ধ কৰাক লৈ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:04 AM IST

thumbnail

বিশ্বনাথ, 6 অক্টোবৰ : বিশ্বনাথঘাটক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন গাঁও হিচাপে কিছুদিন পূৰ্বে ঘোষণা কৰাৰ পিচত বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰে গ্ৰাম্য পৰ্যটনৰ শ্ৰেষ্ঠ গাঁও গুপ্তকাশী বিশ্বনাথঘাট । কিয়নো বিগত কিছুদিন ধৰি এই গাঁওখনৰ ৰাইজক ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ বাধা প্ৰদান কৰিছে প্ৰশাসন তথা বন বিভাগে । যাৰ বাবে বৃহস্পতিবাৰে এনে দৰে ওলাই আহি মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে গাঁওখনৰ ৰাইজে ।

উল্লেখ্য যে, স্বাধীনতাৰ পিচৰে পৰা বিশ্বনাথঘাটৰ মৎস্যজীৱী ৰাইজে ব্ৰহ্মপুত্ৰত মাছ মাৰিয়েই জীৱিকা অৰ্জন কৰি আহিছিল । কিন্তু বিগত কিছু বছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰত মাছ মৰাত বাধা আৰোপ কৰিছে প্ৰশাসন তথা বন বিভাগে । যাৰ বাবে এই সকল মৎস্যজীৱী ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে । পূৰ্বপুৰুষৰ পৰা চলি অহা জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল এই মাছ মৰা কাৰ্য বন্ধ কৰি দিয়াত এতিয়া মৎস্যজীৱী লোকসকলৰ জীৱনলৈ সংকট নামি আহিছে । পৰিয়াল পোহপাল দিয়াৰ পৰা সন্তানক পঢ়া-শুনা কৰোৱাৰ খৰচ বহন কৰিব নোৱাৰা হৈ পৰিছে মৎস্যজীৱী লোকসকল ।

বিভাগীয় কৰ্তৃপক্ষই কেতিয়াবা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গইনা লৈ, কেতিয়াবা আন কাৰণতেই মৎস্যজীৱী লোকসকলক মাছ মৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি আহিছে । সেয়ে বৃহস্পতিবাৰে উক্ত অঞ্চলৰ লোকসকলে বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকৰ জন্মগত অধিকাৰ মাছ মৰা কাৰ্যক বাধা দিয়াৰ বিৰুদ্ধে পাঁচ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া ৰূপম দাসৰ লগতে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বিশ্বনাথঘাটৰ সমূহ ৰাইজে । মৎস্যজীৱী ৰাইজৰ দাবী যে মৎস্যজীৱী সকলে ব্ৰহ্মপুত্ৰত মাছ মাৰিয়েই জীয়াই আছে । এইয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ । এই অধিকাৰ কোনো মন্ত্ৰী বিধায়কে কাঢ়ি নিব নোৱাৰে । সেয়েহে তেওঁলোকৰ অধিকাৰ ঘূৰাই দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷ এই অধিকাৰ ঘূৰাই নাপালে পৰৱৰ্তী সময়ত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিছে ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও বিশ্বনাথঘাটৰ মৎস্যজীৱী ৰাইজে ।

লগতে পঢ়ক : Adulterated fertilizers in Biswanath : ভেজাল সাৰৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.