Protest in Sivasagar: শৃংখল চলিহাক গ্ৰেপ্তাৰ জাতি সত্বাক মষিমূৰ কৰাৰ এক অংশ; প্ৰতিবাদকাৰীৰ দাবী

By

Published : May 3, 2023, 9:26 PM IST

thumbnail

শিৱসাগৰ, 3 মে’ : শৃংখল চলিহাৰ পুনৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰা ঘটনাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Protest in Sivasagar) ৷ যোৱা ১ মে’ তাৰিখে অংকুশ কোডিয়া নামৰ এজন লোকে প্ৰদান কৰা এজাহাৰৰ ভিত্তিত শৃংখলক শিৱসাগৰ আৰক্ষীয়ে যোৱা ২ মে' তাৰিখে গ্ৰেপ্তাৰ কৰিছিল ৷ যদিও একেদিনাই আদালাতে শৃংখল চলিহাক জামিন প্ৰদান কৰে (Srinkhal Chaliha arrested again)। 

সেই অনুসৰি বুধবাৰ অৰ্থাৎ আজি পুৱা শৃংখল চলিহাই জামিন আদেশ লৈ শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাই আহিব লওঁতেই শিৱসাগৰ আৰক্ষীৰ এটা দলে চলিহাক পুনৰ গ্ৰেপ্তাৰ কৰি জেলত আৱদ্ধ কৰি ৰাখে । পুৱাৰে পৰা শিৱসাগৰ জেলত আৱদ্ধ কৰি ৰখা চলিহাক কিয়, কি অভিযোগ অথবা কি আইনৰ আধাৰত বন্দী কৰি ৰখা হৈছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰদান কৰা হোৱা নাই । আনহাতে, আৰক্ষী-প্ৰশাসনৰ এনে স্থিতিক লৈ অতিষ্ঠ হৈ পৰা বিভিন্ন দল-সংগঠনে অৱশেষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শৃংখল চলিহাৰ মুক্তিৰ দাবী উত্থাপন কৰে (Protesters demand release Srinkhal Chaliha)।

আজি বিয়লি শিৱসাগৰৰ বিভিন্ন সংগঠনৰ উদ্যোগত শিৱসাগৰৰ শিৱ দ'লৰ সন্মুখত একাংশ সংগঠনৰ সদস্যই হাতে হাতে ফেষ্টুন লৈ শৃংখল চলিহাক এইদৰে আৱদ্ধ কৰি ৰখা কাৰ্যক ধিক্কাৰ দি মুক্তিৰ দাবী কৰে । শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ কৰাক এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে প্ৰতিবাদকাৰী নেতাসকলে ৷ উল্লেখযোগ্য যে, নেতাগৰাকীক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি এক অনিশ্চিত সূত্ৰৰ পৰা জানিব পৰা গৈছে যদিও এই সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰাৰ পৰা বিৰত আছে শিৱসাগৰ প্ৰশাসন ।

লগতে পঢ়ক: WFI chief controversy: ব্ৰঞ্জৰ পদক ওভোতাই দিব TMCৰ সাধাৰণ সম্পাদকে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.