ETV Bharat / state

WFI chief controversy: ব্ৰঞ্জৰ পদক ওভোতাই দিব TMCৰ সাধাৰণ সম্পাদকে

author img

By

Published : May 3, 2023, 7:19 PM IST

TMC support Women  Wrestler protest
অসম তৃণমূল কংগ্ৰেছ

সাতগৰাকী মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱা অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ (Assam Trinamool Congress) । অসম তৃণমূল কংগ্ৰেছ সম্পাদক তথা খেলুৱৈ অভিজিত মজুমদাৰে ওভোতাই দিব ব্ৰঞ্জৰ পদক ।

অসম তৃণমূল কংগ্ৰেছ

গুৱাহাটী ,৩ মে: গুৱাহাটী মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত বুধবাৰে এক সংবাদমেল অনুষ্ঠিত হয় (TMC press Meet at Guwahati)। এই সংবাদমেলত দেশৰ মহিলা মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই অসম তৃণমূল কংগ্ৰেছ সম্পাদক তথা খেলুৱৈ অভিজিত মজুমদাৰে (TMC support Women Wrestler protest) । ২০১১ চনত ৰাঁচীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ল'ন বল প্ৰতিযোগিতাত লাভ কৰা ব্ৰঞ্জৰ পদক ওভোতাই দিয়াৰ সিদ্ধান্তৰ কথা সংবাদমেলযোগে প্ৰকাশ কৰে অভিজিত মজুমদাৰে ।

সন্ধিয়াৰ ভাগত মেঘালয় অলিম্পিকৰ কাৰ্যালয়ত ওভোতাই দিব ব্ৰঞ্জ পদকটো । পদকটো ওভোটাই দিব লগা হোৱাত দুখ প্ৰকাশ কৰে যদিও খেলুৱৈৰ স্বাৰ্থত এইখিনি ত্যাগ কৰিম বুলি কয় অভিজিত মজুমদাৰে । মেঘালয় অলিম্পিকৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় খেলত উজ্বলিছিল অভিজিত মজুমদাৰ । উল্লেখ্য যে, বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে কেইগৰাকীমান মহিলা মল্লযোদ্ধাই (WFI chief Brij Bhushan Sharan Singh) ।

তদুপৰি গোচৰ দিয়াৰ লগে লগে দিল্লী আৰক্ষীয়ে গোচটো ৰুজু নকৰা বুলি তেওঁ অভিযোগ উত্থান কৰিছে । ইপিনে, "ইমানগৰাকী মহিলাক যৌন নিৰ্যাতন কৰিবলৈ মই চিলাজিতৰ গুটি খাইছো নেকি" বুলি বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙে কৰা মন্তব্যকো ধিক্কাৰ দিছে অসম তৃণমূল কংগ্ৰেছৰ সম্পাদক তথা খেলুৱৈ অভিজিত মজুমদাৰে ।

উল্লেখ্য যে, সাতগৰাকী মহিলা মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙে ইতিমধ্য়ে এই অভিযোগ অস্বীকাৰ কৰিছে (sexual harassment allegations on WFI president) । ইপিনে, 29 এপ্ৰিলত সাতগৰাকী মহিলা মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙে নিজকে নিৰ্দোষী বুলি দাবী কৰি উচ্চতম ন্যায়ালয় আৰু দিল্লী আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি কৈছে ।"

লগতে পঢ়ক:GYPA Conference: বিৰোধী ঐক্য দেখি বুকু কঁপিছে জয়ন্ত আৰু পীযুষৰ; মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.