Protest in teok: জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ

By

Published : Jul 17, 2022, 7:53 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

উন্নয়নৰ ধাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনত এতিয়াও বিধ্বস্ত ৰাজ্যৰ বহু ৰাষ্ট্ৰীয় ঘাইপথ ৷ টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ (Protest against repair of National Highway 37 in Teok) ৷ 2014 বৰ্ষতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলাইনযুক্ত পথলৈ উন্নীতকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজিলৈকে বাস্তবায়িত নহ’ল সেই প্ৰতিশ্ৰুতি । অপৰিপক্ক নিৰ্মাণ কাৰ্য, ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন তথা NHIDCL ৰ অমনোযোগিতাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মৰণফান্দত পৰিণত হোৱাৰ অভিযোগ উঠিছে । পথটো যাতায়তৰ অনুপযোগী হোৱাৰ সম্পৰ্কত বহুবাৰ শীৰ্ষ পৰ্যায়ত অভিযোগ কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থা (All Assam Students Association), চুতীয়া জাতি ছাত্ৰ সন্থা(Chutia Jati Students Association), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টীয়কৰ বহু জ্যেষ্ঠ নাগৰিক, টীয়ক নাগৰিক সমিটিকে আদি কৰি কেইবাটাও জাতীয় সংগঠন লগ হৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.