বিজেপি চৰকাৰৰ দুৰ্নীতিশূন্য শাসন কালত দুৰ্নীতিৰ বিৰুদ্ধে পঞ্চায়ত ঘেৰাও ৰাইজৰ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:17 PM IST

thumbnail

তিনিচুকীয়া, ১২ ডিচেম্বৰ: ৰাজ্যত শাসন কৰা বিজেপি চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল’গান আওঁৰাই আহিছে যদিও বিভিন্ন সময়ত বিভিন্ন স্থানত সংঘটিত হৈ আহিছে দুৰ্নীতি । শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ টঙনা গাঁও পঞ্চায়তত দীৰ্ঘদিনৰ পৰা বিভিন্ন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চৰকাৰী আৱাস যোজনাৰ বাসগৃহৰ নিৰ্মাণ আধৰুৱা কৰা, জব কাৰ্ডৰ ধন লুট, পথ মেৰামতিত দুৰ্নীতি ইত্যাদি অভিযোগৰ ভিত্তিত মঙলবাৰে টঙনা গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে স্থানীয় ৰাইজে ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক উমানন্দ মুদৈ মৰাণৰ উপস্থিতিত টঙনা গাঁও পঞ্চায়তৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত প্ৰতিবাদকাৰীসকলৰ কাষলৈ আহে জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, কাৰ্যবাহী বিষয়াকে আদি কৰি পঞ্চায়তৰ বিষয়-ববীয়াসকল ।

পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত কিছু তৰ্কা-তৰ্কি হয় যদিও অভিযোগকাৰীসকলৰ বিষয়সমূহ তদন্ত কৰিবলৈ ১৫ দিনৰ সময় লয় জিলা পৰিষদৰ সভাপতি আৰু কাৰ্যবাহী বিষয়াই ৷

লগতে পঢ়ক: বালি মাফিয়াৰ দপদপনিত অতিষ্ঠ বেঁকীপৰীয়া ৰাইজ, জনতাৰ জীৱনলৈ মৃত্যুৰ ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.