Prisoner escapes in Barpeta: বৰপেটা চিকিৎসা মহাবিদ্য়ালয়ৰ পৰা পলায়ন কয়দীৰ

By

Published : Jun 20, 2023, 8:25 PM IST

thumbnail

বৰপেটা ২০ জুনঃ বৰপেটা চিকিৎসা মহাবিদ্য়ালয় তথা হাস্পতালৰ পৰা পলায়ন কয়দীৰ ৷ পলায়ন কৰা কয়দীটোৰ নাম ছহিদুল ইছলাম ৷ ছহিদুলৰ ঘৰ ৰাঙাপানী গাঁৱত ৷  চিকিৎসালয়ৰ মেডিচিন বিভাগৰ পৰা পলায়ন ছহিদুল ইছলামৰ ৷

POCSO আইনৰ অধীনত বৰপেটা জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছহিদুল ইছলামে কোনো ৰোগৰ চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্য়ালয়ত ভৰ্তি হৈছিল ৷ মেডিচিন বিভাগত চিকিৎসাধীন অৱস্থাতে ছহিদুলে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে ৷ জানিব পৰামতে মেডিচিন বিভাগত তিনিটা কয়দীক ভৰ্তি কৰা হৈছিল ৷ 

কাৰাবন্দীকেইটাৰ সুৰক্ষাৰ বাবে ৬জনকৈ আৰক্ষী নিয়োগ কৰা হৈছিল ৷ পিছে ৬জনকৈ আৰক্ষীৰ লোকৰ চকুত ধূলি দি ছহিদুল ইছলামে পলায়ন কৰে ৷ বৰপেটা আৰক্ষীয়ে  ঘটনাটোৰ তদন্ত  আৰম্ভ কৰা বুলি সদৰী কৰিছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত থকা সুৰুঙাৰো তদন্ত কৰি আছে আৰক্ষীয়ে ৷ ইপিনে, চিকিৎসাধীন আন দুটা কয়দীক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াত আচামী দুটাক পুনৰ বৰপেটা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে ৷

লগতে পঢ়ক:WB Panchayat Elections 2023 : কলিকতা হাইকোৰ্টৰ আদেশত হস্তক্ষেপ নকৰে ছুপ্ৰিম কোৰ্টে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.