Price Hike in Assam : এমাহলৈ পিয়াঁজৰ বাবে পাকঘৰত কান্দিব লাগিব ৰাইজে !

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:21 PM IST

thumbnail

যোৰহাট,1 নৱেম্বৰ : পিয়াঁজে পাকঘৰত বাৰুকৈয়ে কন্দুৱাইছে অসমৰ ৰাইজক ৷ আগন্তু 30 দিনলৈ পিয়াঁজৰ দাম কমাৰ কোনো লক্ষণে নাই অসমত ৷ কাৰণ নতুন পিয়াঁজ বজাৰলৈ আহিবলৈ আৰু এমাহৰ প্ৰয়োজন হ'ব ৷ এই ইংগিত প্ৰদান কৰিছে যোৰহাটৰ এজন পাইকাৰী বিক্ৰেতাই ।

আনহাতে আজি তাৰিখত যোৰহাটৰ পাইকাৰী বজাৰত পিয়াঁজৰ প্ৰতি কুইন্টলৰ দাম 5500 টকা ৷ কিন্তু খুচুৰা বজাৰত প্ৰতি কিঃগ্ৰাম পিয়াঁজৰ দাম 65-70 টকাত পৰ্যন্ত হৈছে ৷ উল্লেখ্য যে, পূজাৰ উৎসাহ উদ্দীপনাৰ মাজতে হঠাৎ পিয়াঁজৰ মূল্যবৃদ্ধি হৈছিল ৷

কি কাৰণত হঠাৎ পিয়াঁজৰ দাম বৃদ্ধি পালে সেয়া পৰ্যবেক্ষণৰ লগতে তদাৰক কৰাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যোগান বিভাগে । ফলত অসাধু ব্যৱসীয়ে পিয়াঁজৰ দাম নিতৌ বৃদ্ধি কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে । 

লগতে পঢ়ক :Man-Elephant clash: হাতীৰ ভোক গুচাবলৈ ৰাইজে যোগান ধৰিছে কলগছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.