ASP Press meet: পত্নীক ঘূৰাই অনাৰ উদ্দেশ্যে আলফালৈ যোৱাৰ ভুৱা ভিডিঅ’ প্ৰচাৰ যুৱকৰ

By

Published : Jun 25, 2023, 7:38 PM IST

thumbnail

বঙাইগাঁও, 25 জুন : 24 জুনত সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল এজন যুৱকৰ আলফালৈ যোৱাৰ এটা ভিডিঅ’ ৷ ইয়াৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ যুৱকজনে ভিডিঅ’টোত এখন জংঘল সদৃশ ঠাইৰ পৰা আলফালৈ যোৱা বুলি প্ৰচাৰ কৰিছিল ৷ ইয়াৰ পিচতে বঙাইগাঁও জিলা আৰক্ষীয়ে মমেন নাথ নামৰ যুৱকজনক আটক কৰি দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰিছিল ৷ 

বঙাইগাঁও সদৰ থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদ মেলযোগে কয় যে, যুৱকজনে আপলোড কৰা ভিডিঅ’টো প্ৰকৃততে ভুৱা আছিল ৷ তেওঁৰ বিগত কেইবাদিন ধৰি পত্নীৰ লগত মনোমালিন্য হৈ আছিল ৷ ফলত তেওঁৰ পত্নী মাতৃগৃহলৈ গুচি গৈছিল ৷ তেওঁৰ বাৰম্বাৰ পত্নীক ঘৰলৈ ঘূৰাই অনাৰ চেষ্টা কৰিছিল যদিও পত্নী ঘৰলৈ অহাৰ বাবে মান্তি হোৱা নাছিল ৷  

ফলত তেওঁ ঘৰৰ পৰা ওলাই গৈ লগৰ এজন বন্ধুৰ ঘৰত থাকিবলৈ লয় ৷ বন্ধুৰ ঘৰৰ পিচফালৰ বাৰীত তেওঁ নিজেই ভিডিঅ’টো ৰেকৰ্ড কৰি আলফালৈ যোৱা বুলি পোষ্ট কৰিছিল ৷ পৰৱৰ্তী সময়ত মমেনক সোধা-পোছা অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক:Actress Nazima: হঠাৎ নিখোঁজ হোৱা এগৰাকী অভিনেত্ৰী; ক’ত কেনেকৈ আছে তেওঁ ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.