2023 Cricket World Cup : বৰ্ষাপাৰাত ক্ৰিকেট চাবলৈ আহোতে দৰ্শক সকলে কেনেধৰণৰ নিৰ্দেশনাৱলী মানি চলিব লাগিব ?

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:37 PM IST

thumbnail

গুৱাহাটী, 28 ছেপ্টেম্বৰ : বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মহানগৰ আৰক্ষী, জিলা প্ৰশাসন, অসম ক্ৰিকেট সন্থাৰ যৌথ সংবাদমেল ৷ বৰ্ষাপাৰত হ’বলগা আই চি চি পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি মেচ সন্দৰ্ভত এই সংবাদমেল ৷ শুকুৰবাৰ পৰা আৰম্ভ হ'বলগীয়া ৱাৰ্ম-আপ মেচক লৈ জাৰী কৰা হৈছে কেতবোৰ নিৰ্দেশাৱলী ৷

29, 30 ছেপ্টেম্বৰ আৰু 2, 3 অক্টোবৰত বৰ্ষাপাৰাত হ'ব চাৰিখনকৈ ৱাৰ্ম-আপ মেচ ৷ চাৰিওটা দিনতেই পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ 27 আৰু 17ত চাৰি চকীয়া বাণিজ্যিক বাহন চলাচলত বাধা থাকিব ৷ লখৰা ৰোড ওৱান ৱে কৰা হ'ব ৷ অৱশ্যে ক্ৰিকেট খেলৰ কাৰ পাছ থকা বাহন, জৰুৰী সেৱাৰ বাহন, এম্বুলেন্স, স্কুল বাছৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব ৷

লগতে ষ্টেডিয়ামত প্ৰৱেশৰ ক্ষেত্ৰতো থাকিব কিছু নিৰ্দেশনা ৷ 1A গেটেৰে পাচ থকা লোক সকলেহে প্ৰৱেশ কৰিব পাৰিব ৷ খেল আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ পূৰ্বে খুলি দিয়া হ'ব গেট ৷ টিকটত লিখি দিয়া নিৰ্দেশনাৱলী সকলোকে ভালদৰে পঢ়ি চাবলৈ আহ্বান ACA ৰ কৰ্তৃপক্ষৰ ৷ লগতে ষ্টেডিয়ামলৈ মানি বেগ আৰু মোবাইলৰ বাহিৰে আন কোনো সামগ্ৰী আনিব নোৱাৰিব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ টিকটৰ হাৰ্ড কপি দৰ্শকে নেহৰু ষ্টেডিয়াম আৰু সৰুসজাইৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷ 

লগতে পঢ়ক : Cricket World Cup 2023 : বিশ্বকাপৰ ৱার্ম আপ মেচৰ বাবে গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.