World Records through Bihu : বিশ্ব অভিলেখ গঢ়িবলৈ সাজু যোৰহাটৰ ৮০০ নাচনী

By

Published : Apr 9, 2023, 9:41 PM IST

thumbnail

যোৰহাট,৯ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ উচাহ । ঢোল-পেঁপাৰ মাতে কঁপাইছে চৌদিশ । জোৰদাৰ হৈছে বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা (Assam govt bihu world record show) । শনিবাৰে ৰাজ্যৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হয় নিৰ্বাচিত বিহুৱা-নাচনীৰ চূড়ান্ত আখৰা (Guinness Book of World Records through Bihu) । চূড়ান্ত আখৰা উপলক্ষে যোৰহাটত ৮০০ নাচনীয়ে কঁপাই তুলিলে যোৰহাট ষ্টেডিয়াম । ৮০০ নাচনীৰ বিহুনৃত্য উপভোগ কৰিবলৈ আখৰাস্থলীত ভিৰ কৰে অসংখ্য লোকে (Preparation for World Record by Performing Rangali Bihu) ।

চূড়ান্ত আখৰাৰ যৱনিকা পৰাৰ পাচতেই ১০ এপ্ৰিলত ৮০০ নাচনীৰ সৈতে বিহুৱাসকল ৰাওনা হ'ব গুৱাহাটীলৈ বুলি । কেৱল যোৰহাটৰে নহয় ৰাজ্যৰ প্ৰতিটোৰ প্ৰান্তৰ পৰা নিৰ্বাচিত বিহুৱা নাচনীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য । গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যৰে যোৰহাটৰ বিহুৱা-নাচনীসকলৰ অন্তিম আখৰাস্থলীত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ ।  

ইফালে চূড়ান্ত আখৰাৰ কৰি থকা সময়ত কেবাগৰাকীও নাচনি ঢলি পৰাৰ পৰিলক্ষিত হয় যোৰহাটৰ আখৰাস্থলীত । সেয়ে মন্ত্ৰী নেওগে সকলোকে স্বাস্থ্যৰ প্ৰতি যতন ল'বলৈ আহ্বান জনাই । খোৱা-লোৱাত গুৰুত্ব দি সকলোকে ১৪ তাৰি ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: Assam government is in debt : অসম চৰকাৰে ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ল'বলগীয়া হৈছে ঋণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.