Chandrayaan 3 landing: চন্দ্ৰযান 3 ৰ সফল লেণ্ডিঙৰ সম্প্ৰচাৰৰ বাবে প্ৰস্তুতি টীয়কৰ বিদ্যালয়ত

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:39 PM IST

thumbnail

টীয়ক, 23 আগষ্ট: ভাৰতৰ বাবে আজি এক গৌৰৱৰ দিন । আজি সন্ধিয়া চন্দ্ৰজান -3 য়ে অৱতৰণ কৰিব চন্দ্ৰৰ দক্ষিণ মেৰুত । বহু প্ৰত্যাশিত এক স্মৃতিৰ সাক্ষী হ'ব ভাৰত । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই গৌৰৱৰ মুহূৰ্ত উপভোগ কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা ৷ 

ৰাজ্যৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত এই বিৰল দৃশ্য উপভোগ কৰিবৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । সেই নিৰ্দেশনা অনুসৰি ভাৰতৰ এই স্মৃতিৰ সাক্ষী হ'বলৈ ইতিমধ্য সাজু হৈছে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ । টীয়কৰো বিভিন্ন শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা শিক্ষক-শিক্ষাৰ্থীসকলৰ ব্যস্ততা পৰিলক্ষিত হৈছে । টীয়ক জাতীয় বিদ্যালয়ত ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

সন্ধিয়া 6.04 মিনিটত এই বিৰল তথা গৌৰৱৰ মুহূৰ্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলোৱে একেলগে উপভোগ কৰিব । ইপিনে এই অভিযানত অসমৰ এগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে যাক লৈ এতিয়া অধিক উৎফুল্লিত হৈ পৰিছে অসমবাসী । 

লগতে পঢ়ক: Arunachal mountaineers missing: অৰুণাচল দুই সন্ধানহীন পৰ্বতাৰোহীক বিচাৰি চলোৱা অভিযানৰ সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.