Ali Ai Ligang in Assam: ঐনিতমৰ সুৰত মতলীয়া জোনাই

By

Published : Jan 29, 2023, 6:34 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

জোনাই,২৯ জানুৱাৰী: চাওতে চাওতে ফাগুনলৈ মাজত মাথো কেইটামান দিন । নিচাময় ফাগুণৰ পৰশত, শীতৰ ঠেৰেঙা জাৰ আঁতৰিব, বাঢ়িব নঙঠা গছৰ বেজাৰ । তেনেহেন সময়তে শিমলু, মদাৰ, কম্বং ফুলৰ ৰঙে ৰঙিয়াল কৰি তোলে পৃথিৱীক । এনেহেন বতৰতে অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিংসকল সাজু হৈ উঠিছে মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আয়ে লৃগাঙক আদৰিবলৈ(Ali Ai Ligang in Assam) । 

কাৰণ ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিংসকলে পালন কৰে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ৷ এই লৈ অন্যান্য প্ৰান্তৰ লগতে জোনাইতো গাঁৱে গাঁৱে ককালত টঙালি বান্ধি সাজু হৈ উঠিছে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আয়ে লৃগাংক আদৰিবলৈ ৷ আলি আয়ে লৃগাঙলৈ বুলি ঘৰে ঘৰে পৰ আপং অর্থাৎ ছাই মদ প্রস্তুত কৰাত ব্যস্ত মিচিং কনেং আৰু বোৱাৰী সকলে ৷ কাৰণ লৃগাং বুলিলে গাহৰি মাংস আৰু শুকান মাছ আদাৰে পিহি পৰ আপঙেৰে আপ্যায়ন কৰিব আলহী অথবা আপোনজনক । 

ইফালে আলি আয়ে লৃগাঙৰ আগমনৰ লগে লগে জোনাইৰ প্ৰান্তে প্রান্তে আনন্দত মতলীয়া হৈ পৰিছে মিচিং ডেকা-গাভৰু, বোৱাৰী (Preparation for Ali Ai Ligang in Jonai) । সেয়েহে জোনাইৰ মিচিং বসতিপূৰ্ণ বিভিন্ন গাঁও সমূহত গুমৰাগ চমান অর্থাৎ গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত মিচিং ডেকা-গাভৰুসকল ৷ কাৰণ আলি আয়ে লৃগাঙৰ এই গুমৰাগ চমানতে মিচিং ডেকা-গাভৰুৰ ওঠৰ পৰা অবিৰাম নিগৰিব ঐনিতম । প্ৰেম, বিৰহ, বেদনা নিগৰিব কাবান হৈ । হয়, মিচিংসকলৰ বাবে আলি আয়ে লৃগাং মানে ফাগুণ, ফাগুণ মানেই আলি আয়ে লৃগাং ৷ 

উল্লেখ্য যে, কৃষিজীৱি মিচিং লোকসকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে । ইয়াতে সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’ । ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি । কৃষিজীৱি মিচিংসকলৰ খেতি কৰাৰ বতৰ । এনে সময়তে লৃগাং বিহু উদযাপন কৰা হয় । 

আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ মাল-মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন । মিচিংসকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সঁৰিয়হ, আলু, কচু ইত্যাদি । ফল-মূল বা কঠীয়া ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় ।

বুধবাৰৰ দিনটো মিচিংসকলে মাংগলিক দিন হিচাপে বিশ্বাস কৰে । সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আয়ে-লৃগাং পতা হয় । অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল । মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদযাপন কৰি আহিছে । 

লগতে পঢ়ক: Road accident at Amguri: আমগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত মৎস্য ব্যৱসায়ী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.