New mising movie: শীঘ্ৰেই মুক্তি পাব "নিচেগ" নামৰ এখন মিচিং চিনেমা

By

Published : Aug 18, 2023, 9:45 PM IST

thumbnail

জোনাই,১৮ আগষ্ট : মিচিং বোলছবি জগতৰ RR films Production এ মিচিং বোলছবি প্ৰেমী সমাজলৈ লৈ আনিছে এটি সু-খবৰ । জোনাই বালিকা মহাবিদ্যালয়ৰ সভাক্ষত মিচিং বোলছবি জগতৰ বহু প্ৰত্যাশিত মিচিং চিনেমা "নিচেগ"ৰ ট্ৰেইলাৰ আৰু প’ষ্টাৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয় । সামাজিক আৰু আধ্যাত্মিক বিষয়ক লৈ নিৰ্মাণ কৰা "নিচেগ" চিনেমাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ফিৰোজ পেগু, উৰিশ্মা দলে, ৰিয়ান ৰাজ, চিত্ৰলেখা দলে, দিম্পল দলে, ললিত পায়েং, দিবাকৰ পেগু, সৰ্বেশ্বৰ কুটুমকে ধৰি কেইবাজনো কলা কুশলীয়ে ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙৰ বন্তি প্ৰজ্বলনেৰে শুভ উন্মোচন কৰা অনুষ্ঠানত ছবিখনৰ প’ষ্টাৰৰ শুভ উন্মোচন কৰে মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলে আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগুৱে ৷ ইয়াৰ পিচতে ছবিখনৰ ট্ৰেইলাৰৰ শুভ উন্মোচন কৰে মিচিং শিল্পী জগতৰ "নিতম তুলি" খ্যাত তৰাৱতী মিলি বড়িয়ে ৷ উল্লেখ্য যে, এই "নিচেগ" চিনেমাখন আনুষ্ঠানিকভাৱে ৰূপালী পৰ্দাত অহা ১০ চেপ্তেম্বৰ তাৰিখে মুক্তি দিয়া হ’ব বুলি জানিবলৈ দিছে চিনেমাখনৰ অভিনেতা ৰিয়ান ৰাজে ।

লগতে পঢ়ক : Hanging Bridge Inauguration: জোনাইত ওলমা দলঙৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.