Public Protest in Bongaigaon :পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ

By

Published : Aug 19, 2023, 5:29 PM IST

thumbnail

বঙাইগাঁও,19 আগষ্ট : পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ ৷ বঙাইগাঁও জিলাৰ দক্ষিণ বইটামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিত্যবজাৰ কায়েথপাৰা সংযোগী পথৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভুগি আহিছিল পথাচাৰীয়ে ৷ এজাক বৰষুণ দিলে পথচোৱা পথাৰ সদৃশ্য হৈ পৰে ৷ যাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷  

ইফালে পথৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ নাযায় এম্বুলেন্স ৷ আনহাতে পথ মেৰামতিৰ বাবে পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক পথ মেৰামতি কৰাৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাচতো কোনো সুফল নাপালে ৰাইজে ৷ সেয়ে আগন্তুক দিনত যদিহে পথ মেৰামতি নকৰে তেতিয়া হলে নিৰ্বাচনৰ সময়ত গাঁৱখনলৈ কোনো নেতাক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷ 

লগতে পঢ়ক:Erosion in Bongaigaon :মানিকপুৰৰ বাশবাৰীত আই নদীৰ ভয়ংকৰ খহনীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.