Poor Road in Udalguri: সমষ্টিবাসীলৈ পিঠি দিলে নেকি বিধানসভাৰ অধ্যক্ষই ! ৰাইজে নিৰ্মাণ কৰিলে পথ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:18 PM IST

thumbnail

ওদালগুৰি, 3 ছেপ্টেম্বৰ : অসমক ভাৰতবৰ্ষৰ পঞ্চমখন উন্নত ৰাজ্যৰ শাৰীত ৰাখিব বিচৰা বিজেপি চৰকাৰৰ উন্নয়নৰ কেইটামান নমুনা দেখিলে আপোনাৰো পুতৌ ওপজিব ৷ অসম বিধাসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈয়মাৰীৰ সমষ্টিত উন্নয়নে ঢুকি পাইছে নে ! উন্নয়ন বিচাৰি হাবাথুৰি খাব লগা হৈছে সমষ্টিবাসী  ৷ উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠাকুৰীয়াপাৰা-ৰাণী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে চৰম দুৰ্ভোগ ভোগিব  লগা হৈছে ৰাইজ ৷  

এজাক বৰষুণ দিলে পুখুৰীৰ সাদৃশ হৈ পৰে পথচোৱা ৷ ফলত ল’ৰা-ছোৱালী, স্কুল-কলেজ যোৱাত বাধা হৈ পৰে ৷ আনহতে পথটি মেৰামতিৰ বাবে স্থানীয় ৰাইজে অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীক বহুবাৰ আবেদন নিবেদন কৰি সুফল লাভ কৰা নাই ৷ সেয়ে উপায়ন্তৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি, শ্ৰম দানেৰে মেৰামতি কৰিলে পথ ।

লগতে পঢ়ক:Broken bridge:চাৰণপাৰত গেৰুৱা নদীৰ ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.