Poor road condition : বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে তামুলপুৰবাসীক

By

Published : Oct 23, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী পথৰ বিটিআৰৰ অন্তৰ্গত প্ৰায় ৭ কিলোমিটাৰ পথৰ অতি জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জ্বলাকলা খুৱাইছে পথটোৰে যাতায়ত কৰা শ শ ৰাইজক । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ এই পথচোৱা বিগত ১০-১২ বছৰ ধৰি মেৰামতি নকৰাত পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে এতিয়া যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগাত পৰিছে অঞ্চলবাসী ৰাইজে (Poor road condition at Tamulpur) ৷ আনকি বাৰিষা আহিলেই পুখুৰীলৈ পৰিণত হোৱা এই পথচোৱা পুনৰ নিৰ্মাণ কৰি যাতায়ত সুচল কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা বি টি আৰ প্ৰধান প্ৰমোদ বড়ো আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীক আহ্বান জানাইছে স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.