Drugs Smuggler Arrested : খটখটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:57 PM IST

thumbnail

ডিফু, 8 নৱেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ বিশেষকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ সমান্তৰালকৈ আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ বুধবাৰে খটখটী আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

ঘটনা অনুসৰি, বুধবাৰে আৰক্ষী বিষয়া উৎপল শৰ্মাৰ নেতৃত্বত খটখটী থানাৰ অ চি ৰমেন বৰদলৈ, এ এছ আই ভূৱন চন্দ্ৰ বণিকৰ সহযোগত 39 নং ৰাষ্টীয় ঘাইপথৰ খটখটীৰ এছ বি আই বেংকৰ সমীপত বিভিন্ন বাহনত তালাচি চলাই আৰক্ষীয়ে ৷ সেই সময়তে ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী AS 01 GC 5671 নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাওঁতে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন ৷

উল্লেখ্য যে, দুটা চাবোনৰ বাকত আনিছিল 32.230 গ্ৰাম হেৰ’ইন ৷ উক্ত হেৰ’ইনখিনিৰ সৈতে গুলজাৰ হুছেইন নামৰ সৰবৰাহটোক আটক কৰে ৷ আটকাধীন গুলজাৰৰ ঘৰ চামগুৰিৰ থানাৰ অন্তৰ্গত বাজিয়া গাঁৱত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Anti drugs operation: খটখটীৰ দুই পৃথক স্থানত আৰক্ষীৰ অভিযান, দুই মহিলাসহ তিনি সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.