Operation against Child Marriage : লখিমপুৰত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 10 জনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:21 AM IST

thumbnail

লখিমপুৰ, 3 ছেপ্টেম্বৰ: সোমবাৰৰ নিশাৰ পৰা পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অসম আৰক্ষীৰ ৷ ৰাজ্যৰ আন আন জিলাৰ দৰে লখিমপুৰতো আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত 10 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ইয়াৰে 4 জন লখিমপুৰ সদৰ থানাৰ এলেকাৰ, আন 6 জন জিলাখনৰ নাৰায়ণপুৰ, বিহপুৰীয়া, লালুক, চিলনীবাৰী আৰক্ষী চকীৰ এলেকাৰ । উল্লেখ্য যে জিলাখনত বাল্য বিবাহৰ বিৰুদ্ধে বিভিন্ন থানাত 14 টা গোচৰ ৰুজু হৈ আছে ।

সেই গোচৰৰ ভিত্তিত সোমবাৰে নিশা 10 জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান কেইবাজনোও পলাতক হৈ আছে ৷ ইফালে লখিমপুৰ সদৰ থানাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা সকলৰ ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি থানাত তেওঁলোকক আৰক্ষীয়ে সোধ-পোছা কৰি আছে । 

লগতে পঢ়ক:JJM scheme: লখিমপুৰত জনজীৱন আঁচনিৰ নিৰ্মীয়মান টেংকীৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.