Police open fire at dacoits: ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গুলীবিদ্ধ ডকাইত

By

Published : Jan 13, 2023, 12:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Golaghat) ৷ বৃহস্পতিবাৰে নিশা গোলাঘাটত সংঘটিত হৈছে এই এনকাউণ্টৰ  ৷ গোলাঘাট জিলাৰ বনগাঁৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেৰগাঁও আৰক্ষীয়ে দুধৰ্ষ ডকাইত অকনি দাসলৈ লক্ষ্য কৰি গুলীচালনা কৰিব লগা হয় ( Police firing at robbers) ৷ উল্লেখ্য যে, দেৰগাঁও আৰক্ষীয়ে (Dergaon Police) নিশা নগাঁৱৰ পৰা মূল্যবান চুৰি সা-সমগ্ৰী, আ-অলংকাৰসহ আটক কৰিছিল অকনি দাস নামৰ ডকাইতটো ৷ ধৃত ডকাইতটোক দেৰগাঁৱলৈ আনি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ বনগাঁৱত প্ৰস্ৰাৱ কৰিবলৈ বুলি নমাৰ পাছতেই আৰক্ষী জোৱান নিপুল বৰুৱাক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে ৷ ফলত বাধ্য হৈ বাহনখনত থকা আনকেইজন আৰক্ষীৰ জোৱানে অকনি দাসৰ ভৰিলৈ বুলি গুলীয়াবলৈ বাধ্য হয়(Police open fire at dacoits while fleeing) ৷ আৰক্ষীৰ গুলীত গুৰুত্বভাৱে আহত অকনি লগে লগে আৰক্ষীৰ বাহনেৰেই নি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে (Jorhat Medical College) ৷ ইফালে এই গুলীচালনাৰ ঘটনাত আৰক্ষীৰ জোৱান নিপুল বৰুৱাও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ শুকুৰবাৰে পুৱা ঘটনাস্থলীত গোলাঘাট জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ জানিব পৰা মতে আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ৷ অৱশ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.