75th Independence Day: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সষ্টম নলবাৰী আৰক্ষী; যান-বাহনত তন্ন তন্নকৈ তালাচী

By

Published : Aug 10, 2023, 10:00 PM IST

Updated : Aug 11, 2023, 11:09 AM IST

thumbnail

নলবাৰী, ১০ আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী আৰক্ষীয়ো সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷ নলবাৰীৰ হাজো, দৌলাশাল, গুৱাহাটী পথত মুকালমুৱা আৰক্ষী সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে সন্ধিয়া মুকালমুৱা আৰক্ষী থানাৰ সন্মুখত যান-বাহন সমূহ ৰখাই তন্ন তন্নকৈ তালাচী চলাইছে মুকালমুৱা আৰক্ষীয়ে ৷ গুৱাহাটীৰ পৰা হাজো হৈ বৰপেটা যোৱা পথত চলাচল কৰা যান-বাহন সমূহ ৰখাই তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষীয়ে ৷  

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোনো দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুকালমুৱা আৰক্ষীয়ে এনেদৰে ৰাজপথত চলাচল কৰা যান-বাহন সমূহত তালাচী অভিযান চলাইছে ৷

লগতে পঢ়ক : Protest in Lakhimpur : তিনিটাকৈ সংগঠনৰ বিক্ষোভত উত্তাল লখিমপুৰ

Last Updated : Aug 11, 2023, 11:09 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.