গেলেকী দেওপানীত তৈলখাদৰ পৰা বিষাক্ত দ্ৰব্য নিৰ্গমনে মাতিছে বিপদ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 11:04 AM IST

thumbnail

আমগুৰি, 13 ডিচেম্বৰ: গেলেকী দেওপানীত অ’এনজিচিৰ পৰা বিষাক্ত দ্ৰব্য নিৰ্গমন হৈ থকা ঘটনাই সৃষ্টি কৰিছে অঞ্চলজুৰি আশংকাৰ ৷ ৰাসায়নিক পদাৰ্থ মজুত কৰা পুখুৰীৰ পৰা বিষাক্ত দ্ৰব্য নিৰ্গমন হৈছে বুলি জানিব পৰা গৈছে ৷ দেওপানীৰ M 4900 তৈলখাদটোৰ ৰাসায়নিক পদাৰ্থ নিৰ্মগন হৈ থকাত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ৷

দেওপানী নদীত এই ৰাসায়নিক পদাৰ্থ পৰাৰ ফলত বিপদ নামি আহিছে মৎস্যকুলৰ লগতে সৰ্বসাধাৰণ লোকলৈও ৷ দুৰ্ভাগ্যজনক বিষয় যে, দেওপানী অঞ্চলৰ বহু চাহ-বাগিচাৰ পৰিয়ালবোৰে নদীৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰি আহিছে । এনে পৰিপেক্ষিতত এইসকল চাহ-বাগিচাৰ পৰিয়ালৰ জীৱনৰ প্ৰতিও ভাবুকি নমাই আনিছে অ’এনজিচি কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীন কৰ্মই । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত দেওপানীস্থিত M 4900 তৈলখাদৰ বিষয়াৰ গুৰুত্বহীনতাত ৰাসায়নিক পদাৰ্থই এইদৰে নদীত মিহলি হৈ সৰ্বসাধাৰণৰ জীৱনৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে । 

স্থানীয় লোকে শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষত ৰহস্যজনক বিস্ফোৰণৰ শব্দ, আতংক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.