Durga Puja 2023: নৱমীৰ দিনা মৰিগাঁৱত আৰক্ষী চাউনীৰ স্থায়ী পূজা মণ্ডপ আৰু ৰভাঘৰ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:34 PM IST

thumbnail

মৰিগাঁও,২৪ অক্টোবৰ: ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাস । আজি বিজয়া দশমী । ষষ্ঠীৰে পৰা নৱমীলৈকে পূজাৰ আনন্দত মতলীয়া হৈ ৰাজ্যবাসী সাজু হৈছে দেৱী বিসৰ্জনৰ বাবে । একেই পৰিৱেশ বিৰাজ কৰিছে মৰিগাঁৱত । নৱমী পূজাৰ উখল-মাখল পৰিৱেশৰ মাজতে মুকলি হ'ল মৰিগাঁও আৰক্ষী চাউনীৰ স্থায়ী পূজা মণ্ডপ আৰু ৰভাঘৰ ।  

উক্ত শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ আই জি পি দেৱজিৎ মুখাৰ্জীয়ে । স্থায়ী পূজা মণ্ডপ আৰু ৰভাঘৰ উদ্বোধন কৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে দেৱী দূৰ্গাৰ বিচাৰে আশীৰ্বাদ । দীৰ্ঘদিনৰ মূৰত অৱশেষত সোমবাৰে নৱমী পূজাৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা আৰক্ষী চাউনীৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে মুকলি আৰক্ষী চাউনীৰ স্থায়ী পূজা মণ্ডপ আৰু ৰভাঘৰ । 

লগতে পঢক : Durga puja 2023: মৰিগাঁৱত জীৱন্ত ৰূপত দেৱী প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.