Durga puja 2023: মৰিগাঁৱত জীৱন্ত ৰূপত দেৱী প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:47 AM IST

thumbnail

মৰিগাঁও, 24 অক্টোবৰ: মৰিগাঁৱত দুৰ্গা পূজাৰ বাবে উৎসৱমুখৰ পৰিৱেশ ৷ মৰিগাঁৱত প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মৰিগাঁও শাখাৰ উদ্যোগত জীৱন্ত ৰূপত প্ৰদৰ্শন কৰা হয় দেৱী দূৰ্গাকে ধৰি সৰস্বতী, লক্ষী, গণেশ, কাৰ্তিকক ৷ ইয়াকে প্ৰত্যক্ষ কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ভক্ত প্ৰাণ ৰাইজে । ইয়াৰোপৰি, পূজাৰ সৈতে সংগতি ৰাখি আয়োজক সমিতিয়ে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাও পৰিলক্ষিত হৈছে ৷

জিলাখনৰ মায়ং, ঝাৰগাঁও, জাগীভকতগাঁও, জাগীৰোড, ধৰমতুল, নেলী, আজাৰবাৰী, জালুগুটি, মাছখোৱা, ভূৰবন্ধা, মিকিৰভেটা, ভূৰাগাঁও, সোণডোবা, গেৰুৱা, গড়মাৰী, বাছনাঘাট, বাকৰিচাপৰি আদি বিভিন্ন অঞ্চলত পূজাৰ আয়োজন কৰা হয় ৷ মা দুৰ্গাৰ আশীষ ল’বলৈ পুৱাৰ পৰা নিশালৈ ভক্তপ্ৰাণ ৰাইজে বিভিন্ন পূজা মণ্ডপত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে । 

লগতে পঢ়ক : Durga Puja 2023 : চিলাপথাৰৰ ঐতিহাসিক চিলাসুঁতি তাম্ৰেশ্বৰী আইথানত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.