Rising water level of Brahmaputra: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি; ফেৰীঘাটত সমস্যাৰ সন্মুখীন মাজুলীবাসী

By

Published : Apr 8, 2023, 3:38 PM IST

thumbnail

মাজুলী, 8 এপ্ৰিল : ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত যাতায়তক লৈ অসুবিধাত পৰিছে মাজুলীৰ ৰাইজ ৷ মাজুলীৰ দুই লক্ষাধিক জনতাৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰৰ একমাত্ৰ সম্বল ফেৰী ঘাটকেইটা । অফলামুখ পাৰঘাটত এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোক সকলক । ইফালে পাৰাপাৰ হ’বলৈ যোৱা যাত্ৰীসকলেও ভোগ কৰিব লগীয়া হৈছে হাৰাশাস্তি । পানীৰ বাবে এদিন যদি অফলামুখ ঘাট বালিৰ মাজৰ পৰা নাও চলিছে এদিন আকৌ চলিছে পুৰণি ঘাটৰ পৰা (Rising water level of Brahmaputra) । 

ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাত চৰকাৰী ফেৰী চলিছে বালি চাপৰিত । ব্যক্তিগত ফেৰী সমূহ চলিছে পুৰণি ঘাটৰ পৰা । দুই ঘাটৰ পৰা ফেৰী চলাচল কৰাত সমস্যাত পৰিছে যাত্ৰী । একাঁঠু পানীত নামি যাত্ৰী উঠিব লগা হৈছে ফেৰীত । ইফালে পাৰাপাৰ ন’হলেও নহয় যাৰ বাবে যাত্ৰীসকল একাঁঠু পানীত নামি ফেৰিত উঠিছে (Majuli people facing difficulty in transportation) । আনফালে যাত্ৰীৰ সুবিধা হোৱাকৈ কিবা এটা ব্যৱস্থা কৰিবলৈয়ো বাঢ়নী পানীৰ বাবে অসুবিধাত পৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকসকল ।

লগতে পঢ়ক : JEC student death : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ ছাত্রৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.