Livestock smuggling in Assam: কলিয়াবৰত পশুধন কঢ়িওৱা অনুজ্ঞাপত্ৰ নথকা বাহনক জৰিমনা

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:44 PM IST

thumbnail

কলিয়াবৰ, ১০ ছেপ্টেম্বৰ: নগাঁও জিলাৰ কলিয়াবৰত নিতৌ অবৈধভাৱে সৰবৰাহ হয় পশুধন । এই পশুধনৰ অবৈধ সৰবৰাহ কৰা যান-বাহনৰ বিৰুদ্ধে আজি কলিয়াবৰ আৰক্ষীয়ে অভিযান চলায় । কুৱঁৰীটোলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা এই অভিযান চলাই আৰক্ষীয়ে পশুধন কঢ়িওৱা অনুজ্ঞাপত্ৰ নথকা বাহনৰ বিৰুদ্ধে বিহিলে জৰিমনা । আৰক্ষীয়ে শতাধিক বাহনক বিহিলে জৰিমনা ।  

উল্লেখযোগ্য যে, উজনিৰ পৰা নগাঁৱৰ বিভিন্ন অঞ্চল,মেঘালয়লৈ ৩৭ নম্বৰ ঘাইপথেৰে নিতৌ অনুজ্ঞাপত্ৰ নথকা বাহনেৰে সৰবৰাহ হয় পশুধন । প্ৰতি দেওবাৰে গোলাঘাটৰ বিহৰা বজাৰৰ পৰা সহস্ৰাধিক গৰু-ম'হ পশুধন কঢ়িওৱা হয় । এনেদৰে পশুধন কঢ়িওৱা প্ৰায়ভাগ বাহনেৰে নাথাকে অনুজ্ঞা পত্ৰ । 

লগতে পঢ়ক:Deadbody Recovered: ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ঘটনাই লৈছে নতুন মোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.